
ভয়াৱহ হোৱাৰ দিশে বান পৰিস্থিতি, NEEPCO-এ খুলি দিলে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী…
ভয়াৱহ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি।
NEEPCO-এ খুলি দিলে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী।
লখিমপুৰ জিলা প্ৰশাসনলৈ বাৰ্তা প্ৰেৰণ নিপকোৰ।
নৈ পৰীয়া ৰাইজক সতৰ্ক হোৱাৰ আহ্বান প্ৰশাসনৰ।
এৰি দিয়া পানীয়ে উত্তৰ অসমত সৃষ্টি কৰিব পাৰে জলপ্ৰলয়ৰ।
পানীৰ ভিৰ বেছি হোৱাৰ বাবে গে’ট খুলি দিয়াৰ সিদ্ধান্ত NEEPCOৰ।
নীপকো ৰঙানদী প্ৰকল্পৰ ১০০০ মি.মি. আৰু ডিক্ৰং প্ৰকল্পৰ ২২০০ মিঃমিঃ বহলকৈ গেট খুলি দিয়া হৈছে।
দুয়োটা বান্ধ এৰি খুলি দিয়াৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে।
উল্লেখ্য যে, ইতিমধ্যে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।





