অসম

মহানগৰীত শোকাৱহ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহী প্ৰাঞ্জলক, থিতাতে মৃত্যু…

গুৱহাটী মহানগৰীত এক শোকাৱহ পথ দু্ৰ্ঘটনা।

মহানগৰীৰ বেহাৰবাৰীত ১২ চকীয়া ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক।

দুৰ্ঘটনাৰ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটিলে প্ৰাঞ্জল বৈশ্য নামৰ এগৰাকী যুৱকে।

image 35

মৃত প্ৰাঞ্জল বৈশ্যৰ ঘৰ নলবাৰীৰ বেলশৰৰ।

নিজৰ কৰ্তব্য শেষ কৰি প্ৰাঞ্জল বৈশ্যই ঘৰলৈ গৈ থকাৰ সময়তে লখৰাৰ দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে প্ৰাঞ্জল বৈশ্যৰ স্কুটী খনত খুন্দা মাৰে।

image 34

ট্ৰাকখনে প্ৰাঞ্জল বৈশ্যই চলাই অহা স্কুটীখনক খুন্দা মাৰি প্ৰায় ৫০ মিটাৰ চোচৰাই লৈ যায়।

এই দুৰ্ঘটনাটোৰ পাছতে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এনএল-০১এএ-০১২৯ পঞ্জীয়ন নম্বৰৰ ট্ৰাকখন জব্দ কৰে।

image 33

দুৰ্ঘটনাত পতিত স্কুটীখনৰ পঞ্জীয়ন নং এএছ-੦১ই-এইচ-৬১੦੦।

সৰবৰাহী যুৱক প্ৰাঞ্জল বৈশ্যৰ কৰুণ মৃত্যুত এতিয়া যুৱকজনৰ বেলশৰৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *