কামৰূপ মহানগৰৰ সহকাৰী আয়ুক্ত এচিএছ বিষয়া বাৰ্বী হাজৰিকাক নিলম্বন…

কামৰূপ মহানগৰৰ সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকাক।

বিদেশৰ পৰা চৰকাৰী নিমন্ত্ৰণত অসমলৈ অহা অতিথিক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগতেই নিলম্বিত হয় বিষয়াগৰাকী।

বাৰ্বী হাজৰিকা মাধ্যমিক শিক্ষা বিভাগৰৰ বিশেষ কৰ্তব্যৰ বিষয়া (OSD) হিচাপে কৰ্মৰত আছিল।

photo 2022 06 03 10 59 50
কামৰূপ মহানগৰৰ সহকাৰী আয়ুক্ত এচিএছ বিষয়া বাৰ্বী হাজৰিকাক নিলম্বন... 3

মহানগৰীত অনুষ্ঠিত এক্ট ইষ্ট পলিচিত অংশগ্ৰহণৰ বাবে অহা ছিংগাপুৰৰ প্ৰতিনিধিৰ দলক আৰু ASEAN ৰ প্ৰতিনিধিৰ দলক হাজৰিকাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল।

২০১৬ বৰ্ষৰ এচিএছ( ACS) বিষয়া বাৰ্বী হাজৰিকা ২০১৬ বেটছৰ ৬ নং ৰেংক হ’ল্ডাৰ।

image 32
কামৰূপ মহানগৰৰ সহকাৰী আয়ুক্ত এচিএছ বিষয়া বাৰ্বী হাজৰিকাক নিলম্বন... 4

ASEAN আৰু ছিংগাৰপুৰ প্ৰতিনিধক দুৰ্ব্যব্যৱহাৰ কৰাৰ ফলত ৰাজ্যৰ ভাবমূৰ্তি ASEAN দেশসমূহত আৰু ছিংগাপুৰত বেয়া কৰাৰ অভিযোগৰ বাবে বিষয়াগৰাকীক কৰ্তব্যৰ পৰা নিলম্বন কৰা বুলি সদৰি কৰে ৰাজ্য চৰকাৰে।

অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টৰ সচিব টি পি বৰগোহাঁইয়ে ইছ্যু কৰা এই নিলম্বন আদেশত উল্লেখ কৰা হৈছে যে, “এনে দায়িত্বহীন আচৰণে ভাৰত আৰু অন্যান্য আছিয়ান দেশসমূহৰ কূটনৈতিক সম্পৰ্কত বিৰূপ প্ৰভাৱৰ পেলাইছে আৰু আছিয়ানৰ সৈতে আৰু বিশেষকৈ ছিংগাপুৰৰ সৈতে অৰ্থনৈতিকভাৱে জড়িত হোৱাৰ বাবে ৰাজ্য চৰকাৰে কৰা আন্তৰিক প্ৰচেষ্টাত আঘাত হানিছে।”

Leave a Comment