মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা! পদপথৰ বাসিন্দাক মহটিয়ালে মালভৰ্তি ট্ৰাকে, নিহত এজন…

মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সমীপত ভয়কংৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত এজন পদ পথৰ বাসিন্দা।

AS 16 4705 নম্বৰৰ মাল ভৰ্তী ট্ৰাকে AS 01 EC 9904 নম্বৰৰ পানী ট্ৰেংকাৰক মহতিয়াই প্ৰচণ্ড খুন্দা মাৰে পদ পথৰ ৰেলিঙত।

ভয়ংকৰ দুৰ্ঘটনাটোত শুই থকা অৱস্থাত থিতাতে নিহত পদ পথৰ বাসিন্দা।

আনহাতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক।

নিহত লোকজন যোৰহাট মৰিয়নিৰ ৰবি দাস বুলি জানিব পৰা গৈছে (বয়স ১৯)‌।

নিহত যুৱকজন বিশেষভাৱে সক্ষম আছিল।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন ৰ ড্ৰাইভাৰ আৰু হেন্ডিমেন।

ট্ৰাকখনে অত্যাধিক বোজা কঢ়িয়াই অনাৰ লগতে তীব্ৰ গতিত চলোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰিছে একাংশই।

ঘটনাস্থলীত পানবজাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।

Leave a Comment