অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী, ২৪ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ…

অপৰাধীৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ এনকাউণ্টাৰ।

২৪ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ।

কোকৰাঝাৰ আৰু লখিমপুৰত সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা।

পুৱতি নিশা কোকৰাঝাৰৰ দনগাৱঁত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলিত আহত হয় এজন গাঞ্জা সৰবৰাহকাৰী।

ধৃত গাঞ্জা সৰবৰাহকাৰীজনৰ নাম আৰিফ খান।

যোৱা নিশা শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই HR 38 U 1778 নম্ববৰৰ গাড়ী সহ ১০ পেকেটত ১০৫ কেজি গাঞ্জা জব্দ কৰিছিল।

গাড়ীৰ চালক তথা সৰবৰাহকাৰী আৰিফ খানে আৰু কিছু গাঞ্জা লুকাই ৰাখিছিল বুলি জেৰাত স্বীকাৰ কৰিছিল।

আৰু লুকুৱাই থোৱা গাঞ্জাখিনি উদ্ধাৰ কৰিবলৈ যাঁওতে আৰক্ষীৰ পৰা পলায়ন কৰোতে আৰক্ষীয়ে গুলিত আহত হয় আৰিফ খান।

ইপিনে সকলো তথ্য গাপ দিয়াৰ বাবে দুৰ্বৃত্তই যোৱানিশা আৰক্ষীৰ জিম্মাত থকা গাঞ্জা কঢ়িওৱা ট্ৰাকখনত অগ্নিসংযোগ কৰে৷

আহত আৰিফ খানক বৰপেটা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে বিহপুৰীয়াৰ পথালিপাহাৰত নিশা সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা।

নগাঁৱৰ দুন ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে চলিছিল অসম আৰক্ষীৰ অভিযান।

ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ সময়তে পলায়নৰ চেষ্টা কৰে। যাৰ ফলত গুলীচালনা কৰে আৰক্ষীয়ে।

লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী।

Leave a Comment