মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, উৰণীয়া সেতুত খুন্দিয়াই পথৰ দাঁতিত বাগৰিল পানীৰ ট্ৰাক…

নিশা মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

গণেশগুৰি উৰণীয়া সেঁতুৰ পোষ্টত খুন্দিয়াই বাগৰি পৰে এখন পানীভৰ্তি ট্ৰাক।

দুৰ্ঘটনাটোৰ ফলত উৰনীয়া সেঁতুৰ কিছু অংশৰ ক্ষতি হোৱাৰ লগতে সেঁতুখনৰ তোৰণখনো বাগৰি পৰে।

ঘটনাৰ এঘন্টা সময় উকলি যোৱাৰ পাছতো চলি থাকে ট্ৰাকখনৰ ইঞ্জিন।

যাৰ ফলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনাস্থলীত। 

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন ট্ৰাকখনৰ চালক আৰু হেণ্ডিমনৰ। 

দুৰ্ঘটনাটো সংঘটিত ফলত নিশা জি এছ ৰোডত আবদ্ধ হৈ পৰে অন্যান্য যান-বাহনসমূহ।

আনহাতে  বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হ’ল দিছপুৰ আৰক্ষী।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ হৈছে AS O10AA 1251।

Leave a Comment