নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত, মহিলা- যুৱতীসহ ৭ জনক আটক আৰক্ষীৰ

নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত নগাঁও আৰক্ষীৰ

নিউজ ডেস্ক। এইবাৰ নাৰী দেহ ব্যৱসায়ৰ ঘাটিত অভিযান অসম আৰক্ষীৰ।

নগাঁও থানাৰ অন্তৰ্গত মাজৰআটি চাৰিআলিত উৎখাত দেহ ব্যৱসায়ী চক্ৰ।

জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত এই অভিযান আৰক্ষীৰ।

FFv-Ei-JQUUAgxh-PE

উপ-আৰক্ষী অধীক্ষক (DSP) দীপ্তি মালীৰ নেতৃত্বত উৎখাত হয় এই নাৰী দেহ ব্যৱসায়ৰ ঘাটি।

জানিব পৰা মতে, শুকুৰবাৰে নিশা চলিছিল এই অভিযান।

অভিযানৰ সময়ত এগৰাকী মহিলা, ৪ গৰাকীকৈ যুৱতী তথা দুজন যুৱকক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটােৱে।

ঘটনাস্থলীৰ পৰা ম’বাইল ফােনৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষী বিষয়া দীপ্তি মালীয়ে প্ৰকাশ কৰা মতে, অভিযানৰ সময়তে তাত উপস্থিত হােৱা এজন যুৱক পলাই যাবলৈ সক্ষম হয়।

চক্ৰটােৰ সৈতে জড়িত অন্য লােকসকলৰ অভিযানত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে চাওকঃ

শ্বেৰৱানী পিন্ধি কইনাই ঘোঁৰাত উঠি গ’ল দৰাৰ ঘৰলৈ!

Leave a Comment