মহানগৰীত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল সুৰক্ষা কৰ্মীৰ

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ সাতগাঁৱত এক শােকাৱহ ঘটনা।

বন্যহস্তীৰ গছকত প্ৰাণ গ’ল এজন সুৰক্ষা কৰ্মী। নিহত সুৰক্ষা কৰ্মীজনৰ নাম কেশৱ দাসে (৪৪)।

জানিব পৰা মতে, নলবাৰীৰ কেশৱ দাসে চাকৰি সূত্ৰে পৰিয়ালৰ সৈতে গুৱাহাটীৰ সাতগাঁৱত ভাৰাতীয়া আছিল।

মৃত্যুৰ সময়ত কেশৱ দাসে এটি কণমানি পুত্র সন্তান আৰু পত্নীক এৰি থৈ যায়।

ঘটনাৰ বিষয়া জানিব পৰা মতে, সাতগাঁওস্থিত কন্ট্রোল ডিফেন্স একাউণ্ট শাখাত সুৰক্ষা কৰ্মী হিচাপে নিশা কৰ্তব্যৰত আছিল কেশৱ দাস।

বৃহস্পতিবাৰে পুৱতি নিশা ৪.৪৫ বজাত আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত এটা বন্যহস্তীয়ে কন্ট্রোল ডিফেন্স একাউণ্টৰ চৌহদত প্ৰৱেশ কৰিছিল।

সেই সময়তে চিডিএ চৌহদৰ কৰ্মচাৰীয়ে হাতীটোক খেদিবলৈ চেষ্টা কৰে।

কিন্তু হাতীটোৱে খেদি অহাত উপস্থিত লােকসকল যধে-মধে পলাই যায় যদিও সুৰক্ষা কৰ্মী কেশৱ দাস দেৱাল পাৰ হৈ পলাই যোৱাৰ চেষ্টা কৰােঁতে হাতীৰ ভৰিৰে গছকত মৃত্যুমুখত পৰে।

Leave a Comment