Star TVৰ LIVE ক্ৰিকেট, কাবাডী খেল হেক কৰি অসম আৰক্ষীৰ জালত চাইবাৰ হেকাৰ আমিনুৰ…

Star TVৰ LIVE ক্ৰিকেট, কাবাডী খেল হেক কৰি অসম আৰক্ষীৰ জালত চাইবাৰ হেকাৰ।

ধৃত চাইবাৰ অপৰাধীজন হৈছে হাজোৰ আমিনুৰ ৰহমান। 

হাজোৰ দলৈটোলাৰ নিজ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হেকাৰটোক।

জানিব পৰা মতে, অভিযুক্ত আমিনুৰ ৰহমানে নিজাকৈ দুটা এপ তৈয়াৰ কৰি আগশাৰীৰ চেটেলাইট চেনেলটোৰ পৰা LIVE TELECAST হৈ থকাৰ সময়তে খেলৰ অংশ অনলাইনযোগে হেক কৰি নিজৰ এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি আহিছিল।  

বিগত ৬ মাহৰ পৰা এই বিষয়ে STAR INDIA PVT. LTD.ৰ তদন্ত সংস্থাৰ এই বিষয়টো দৃষ্টি গোচৰ হোৱাত কেইবাবাৰো আমিনুৰলৈ পঠোৱা হৈছিল সতৰ্কতাবাণীও।

কিন্তু তাৰ পাছতো আমিনুৰে এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি গৈছিল LIVE CRICKET অথবা LIVE KABADDI।

অৱশেষত সংস্থাটোৱে হাজো আৰক্ষীৰ সহযোগত হাজোৰ নিজৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আমিনুৰক।

লগতে হাজো আৰক্ষীয়ে আৰু অধিক তথ্য সন্দৰ্ভত অব্যাহত ৰাখিছে জেৰা।

Leave a Comment