ভয়ংকৰ পথ দুৰ্ঘটনা! ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি কৰুণ মৃত্যুক সাৱটিলে বাইক আৰহী যুৱকে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি কৰুণ মৃত্যুক সাৱটিলে বাইক আৰহী যুৱকে।

লখিমপুৰ জিলাৰ হাৰমতিত নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

বৃহস্পতিবাৰে নিশা ৰখাই থোৱা এখন ট্ৰাকৰ পাছফালে মটৰ চাইকেলেৰে আহি প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

হাৰমতি চাহ বাগিচাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চিমেণ্ট ভৰ্তি ট্ৰাকখন ৰখাই থোৱা আছিল আৰু এআৰ-০৬এ-২৩৬৪ নম্বৰ প্লেটযুক্ত মটৰ চাইকেল উঠি অহা আৰোহীজনে এএছ-২২চি-২৪৮১ নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়।

তীব্ৰ বেগেৰে খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মটৰচাইকেল আৰোহীজনৰ কৰুণ মৃত্যু হয়।

পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱকজন অৰুণাচলৰ বুলি জানিব পৰা গৈছে যদিও এতিয়ালৈ যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰা হোৱা নায়।

Leave a Comment