অসম

কাইলৈ উপ-নিৰ্বাচনৰ ভোটগণনা, উলিয়াব নোৱাৰিব বিজয় শোভাযাত্ৰা…

ৰাজ্যত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ কাইলৈ ভোটগণনা।

বাকীকেইটা সমষ্টিৰ লগতে ভৱানীপুৰ সমষ্টিতো হ’ব ভোটগণনা।

তাৰ পূৰ্বে জিলা দণ্ডাধীশ তথা নিৰ্বাচনী বিষয়াই বিজয় শোভাযাত্ৰাত আৰোপ কৰিলে নিষেধাজ্ঞা।

এই সম্পৰ্কত নিৰ্বাচন আয়োগৰ এক উদ্ধৃতিৰে বজালী জিলা দণ্ডাধীশ তথা জিলা নিৰ্বাচনী বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীয়ে এক নিৰ্দেশযোগে কাইলৈ ভোট গণনাৰ ফলাফলৰ পিছত বিজয় শোভাযাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

একেটা নিৰ্দেশতেই বিজয়ী প্ৰাৰ্থীগৰাকীয়ে দুজন ব্যক্তিক লগত লৈহে বিজয়ৰ প্ৰমাণ পত্ৰ জিলা নিৰ্বাচনী বিষয়াৰ পৰা সংগ্ৰহ কৰিব লাগিব বুলি প্ৰকাশ কৰা হৈছে>

Leave a Reply

Your email address will not be published. Required fields are marked *