অসম

মহানগৰীত পুনৰ চাঞ্চল্য, টুকুৰা-টুকুৰ কৰি পলিথিনত বান্ধি পেলাই থৈ যায় মহিলাৰ আধা অংশ মৃতদেহ…

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী।

মহানগৰীৰ খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপৰ এটা নলাৰ কাষত জাঁবৰৰ দমত উদ্ধাৰ হৈছে ক্ষত-বিক্ষত এটা মৃতদেহ।

প্ৰথমে প্ৰত্যক্ষদৰ্শীয়ে বস্তাত ভৰাই থোৱা এটা কটা ভৰি প্ৰত্যক্ষ কৰিছিল যদিও পৰৱৰ্তীসময়ত সেই স্থানত দুটাকৈ কটা ভৰি উদ্ধাৰ হোৱাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়।

প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিবলৈ দিয়ে মতে, কোনো লোকে চোকা অস্ত্ৰৰে কাটি সেই স্থানত কটা ভৰি দুটা পেলাই থৈ গৈছে।

প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিবলৈ দিয়ে মতে, কোনো লোকে চোকা অস্ত্ৰৰে কাটি সেই স্থানত কটা ভৰি দুটা পেলাই থৈ গৈছে।

আৰক্ষীয়ে সন্দেহ কৰা মতে অইন ঠাইত হত্যাকাণ্ড কৰি ইয়াত পেলাই দিছে দুৰ্বৃত্তই।

এতিয়ালৈকে মৃতদেহৰ আন অংশ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনাস্থলীলৈ গুৱাহাটী মহানগৰৰ উচ্চ পদস্থ আৰক্ষীৰ দল ৰাওনা হোৱাৰ লগতে ফৰেনচিক আৰু ক্ৰাইম বাঞ্চৰ দলেও এই হত্যাকাণ্ডক লৈ তৎপৰ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *