অসম

মলুৱা বান্দৰৰ বাবে নহয়, বিজেপি-RSSৰ বান্দৰ বাহিনীৰ বাবেহে হৈছে মূল্যবৃদ্ধিঃ অখিল গগৈ

চাপৰত বিজেপিক কঠোৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ।

মূল্যবৃদ্ধি, বান-গৰা খহনীয়া সমস্যাৰ বাবে বিজেপিক তীক্ষ্ণ সমালোচনা বিধায়কগৰাকীৰ।

শাসকীয় পক্ষৰ বিধায়ক প্ৰদীপ হাজৰিকাই বান্দৰৰ বাবেই মূল্য বৃদ্ধি হোৱা বুলি কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অখিল গগৈয়ে।

মূল্যবৃদ্ধি মলুৱা বান্দৰৰ বাবে নহয়, বিজেপি-আৰএছএছৰ বান্দৰ বাহিনীৰ বাবেহে হৈছে বুলি মন্তব্য বিধায়কগৰাকীৰ।

আনহাতে প্ৰতীক হাজেলাৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে বিজেপিয়ে গোচৰ ৰুজু কৰা বুলিও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

বিজেপিৰ মতে এনআৰচি প্ৰস্তুত নোহোৱাৰ বাবেই প্ৰতীক হাজেলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিব বিচাৰিছে বুলি দাবী কৰে তেওঁ।

অখিল গগৈয়ে কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মেহে এনআৰচি প্ৰস্তুত কৰিছিল। যদি হাজেলাক গ্ৰেপ্তাৰ কৰা হয়, তেন্তে সেই সময়ৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো গ্ৰেপ্তাৰ কৰিব লাগে।

আনহাতে বান সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে অমিত শ্বাহে এবাৰ ফোন কৰি বানৰ খবৰ লৈছে আৰু তাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফুলি আছে।

গুজৰাটত বান নোহোৱাকৈ এহেজাৰ কোটি টকা প্ৰদান কৰা কেন্দ্ৰীয় চৰকাৰে অসমক মাত্ৰ ৫০ কোটি টকা দি প্ৰতাৰণা কৰিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *