অসম

চাকৰিতকৈ মদ ডাঙৰ! প্ৰতিদিনে মদ খাই বিদ্যালয়লৈ অহা প্ৰধান শিক্ষক বিভূজ্যোতি ছাৰক নিলম্বন…

সুুৰা সেৱন কৰি বিদ্যালয়লৈ অহা প্ৰধান শিক্ষকক নিলম্বন।

মদ্যপান কৰি চাকৰিৰ পৰা নিলম্বন হ’ব লগীয়া হ’ল শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ আমগুৰি ৮০৫ নং গাহৰীচোৱাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।

প্ৰতিদিনে বিদ্যালয়লৈ সুৰা সেৱন কৰি উপস্থিত থকা আৰু অনিয়মীয়া উপস্থিতিৰ সন্দৰ্ভত অভিযোগ লাভ কৰি শিৱসাগৰ জিলা উপায়ুক্তই এক নিৰ্দেশ জাৰি কৰে।

সেই নিৰ্দেশনা অনুসৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াই প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰিছে।

নিলম্বিত হ’ব লগীয়া হ’ল প্ৰধান শিক্ষকগৰাকী হৈছে বিভূজ্যোতি গগৈ।

উল্লেখ্য যে প্ৰধান শিক্ষকগৰাকীয়ে দীৰ্ঘদিন ধৰি নিচাসক্ত হৈ বিদ্যালয়লৈ অহা আৰু অনিয়মীয়া উপস্থিতি সন্দৰ্ভত অভিযোগ উত্থাপন হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *