মমতা বেনাৰ্জী অসমলৈ আহিলে আমি ৰঙা দলিচা পাৰি আদৰণি জনামঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

দেওবাৰে শিলিগুৰিত মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক ঘোষৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত নেতাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবর্গক সাক্ষাত কৰে।

ইয়াৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্ৰী হিমন্তই কয়,’মমতা দিদি যদি অসমলৈ আহে তেতিয়াহ’লে মই ৰঙা দলিচা পাৰি তেওঁক আদৰণি জনাম। কিয়নো তেওঁ আহিলে কংগ্ৰেছ আৰু ইউডিএফৰ ভোট বিভাজন হ’ব। তাত বিজেপিৰে লাভ হ’ব। অসমৰ এখন-দুখন জিলাত কিছু সক্ৰিয় হৈছে তৃণমূল কংগ্ৰেছ। সেয়ে তেওঁলোকক লৈ কোনো বিপদৰ আশংকা নাই। আমাৰ ভোটবেংকত কোনো প্ৰভাৱ পেলাব নোৱাৰে।’

ইপিনে কংগ্রেছ নেত্রী সুস্মিতা দেৱৰ তৃণমূল কংগ্রেছত যোগদানৰ প্রসংগতো তেওঁ কয় যে, সুস্মিতা দেৱক এখন জিলাৰ মানুহেহে জানে৷ তেওঁৰ স্থান এখন জিলাতেই৷ সম্পূর্ণ অসমত নহয়৷ তেওঁ কংগ্রেছৰহে ভোট ভাঙিব৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়,’একে সময়তে দুয়োখন ৰাজ্যতে নিৰ্বাচন হৈছে। কিন্তু অসমত এটা ঘৰতো শিলগুটি পৰা নাই। কিন্তু পশ্চিমবংগত হোৱা হিংসাৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক তদন্ত কৰিবলৈ নির্দেশ দিবলগীয়া হৈছে৷‘  

অসমত এতিয়া শান্তি বৰ্তি থকা বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্তই লগতে কয় যে উপযুক্ত সময়তে সমগ্ৰ দেশতে CAA আৰু NRC কৰা হ’ব। 

ডিটেনচন কেম্পৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত বর্তমান ডিটেনচন কেম্পত মাত্র ১২গৰাকী বাঙালী হিন্দু আছে৷ তেওঁলোককো মোকলাই দিয়াৰ প্রক্রিয়া চলি আছে৷ অসমত গোর্খাৰ বিৰুদ্ধে কোনো গোচৰ নাই৷ বিদেশী ট্রিবিউনেলৰ পৰা গোর্খাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্রত্যাহাৰৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে৷ তদুপৰি ট্রাইবেল বেল্ট আৰু ব্লকত গোর্খাসকলক সুৰক্ষিত শ্রেণীৰ মর্যাদা প্রদান কৰা হৈছে৷

Leave a Comment