ৰাষ্ট্ৰীয়অসমীয়া

মমতাক বংগৰ বাঘিনী আখ্যা দি তৃণমূল কংগ্ৰেছত যোগদান অভিনেতা শত্ৰুঘ্ন সিনহাৰ

নিউজ ডেস্ক। পূৰ্বে বিজেপি, তাৰ পিছত কংগ্ৰেছ, এইবাৰ তৃণমূল কংগ্ৰেছমুখী হ’ল বলীউডৰ বৰ্ষীয়ান অভিনেতা শত্ৰুঘ্ন সিনহা।

মঙলবাৰে তেওঁ আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

D2kOdzQX4Ao6Pt3

টুইটাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ‘বংগৰ বাঘিনী’ আখ্যা দি তৃণমূল কংগ্ৰেছত যোগদানৰ কথা ঘোষণা কৰে অভিনেতা শত্ৰুঘ্ন সিনহাই। তেওঁ কয়, ‘বংগৰ বাঘিনী মমতা বেনাৰ্জীৰ আমন্ত্ৰণত মই টিএমচিত যোগদানৰ খবৰ জনাবলৈ পাই আনন্দিত হৈছো। এগৰাকী মহান মহিলা, প্ৰকৃত অৰ্থন জনসাধাৰণৰ নেতা মমতা বেনাৰ্জীৰ সবল নেতৃত্বত মই প্ৰতিদ্বন্দিতা কৰিম।’

FNPbTeqakAEzMXW

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰি ২০১৯ চনত শত্ৰুঘ্ন সিনহাই কংগ্ৰেছত যোগদান কৰিছিল। কিন্তু যোৱা প্ৰায় দুটা বছৰ তেওঁ কংগ্ৰেছত থকাৰ পিছত তৃণমূল কংগ্ৰেছলৈ দল সলনি কৰে।

ইফালে যোৱা ১৩ মাৰ্চত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছিল যে শত্ৰুঘ্ন সিনহাই টিএমচি টিকটত আচানচোলত অনুষ্ঠিত হবলগীয়া উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে, বাবুল সুপ্ৰিয়’ই বিজেপিৰ পৰা পদত্যাগ কৰাৰ পিছত এই আসনখন খালী হৈ আছিল।

ইফালে বাবুল সুপ্ৰিয়ই এইবাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বালিগঞ্জ বিধানসভা সমষ্টিৰ পৰা। এই সমষ্টিটোৰ পৰা জয়ী হোৱা টিএমচিৰ বিধায়ক সুব্ৰত মুখাৰ্জীৰ মৃত্যুৰ পিছতে আসনখন খালী হৈ আছিল।

লগতে চাওকঃ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু আম আদমী পাৰ্টী

G6 6

Leave a Reply

Your email address will not be published. Required fields are marked *