অসম

এছিয়ান গেমছলৈও যোগ্যতা অৰ্জন অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁইৰ

লাভলীনা বৰগোহাঁইয়ে চীনৰ হংজাওত অনুষ্ঠিত হ’বলগীয়া ঊনবিংশতিতম এছিয়ান গেমছৰ বাবে অৰ্জন কৰিছে যোগ‍্যতা।

টকিঅ’ অলিম্পিক ২০২০ৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাইয়ে ইতিপূৰ্বে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া ইন্টাৰনেচনেল বক্সিং এছ’চিয়েচনৰ অধীনৰ মহিলা এলিট বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিছিল।

259

বিশ্ব চেম্পিয়নশ্বীপত মহিলাৰ ৭০ কেজি শাখাত প্ৰতিনিধিত্ব কৰিব লাভলীনাই।

বিশ্ব চেম্পিয়নশ্চীপলৈ যোগ‍্যতা অৰ্জনৰ পৰৱৰ্তী সময়ত লাভলীনা বৰগোহাঁইয়ে চীনৰ হংজাওত অনুষ্ঠিত হ’বলগীয়া ঊনবিংশতিতম এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এছিয়ান গেমছত মহিলাৰ ৬৯ কেজি শাখাৰ যোগ্যতা নিৰ্ণয়কাৰী খেলৰ চূড়ান্ত মেচত লাভলীনা বৰগোহাঁইয়ে ৰে’লৱেৰ প্ৰতিযোগী খেলুৱৈক পৰাভূত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে লাভলীনা বৰগোহাঁইয়ে নিজৰ খেলুৱৈ জীৱনত অলিম্পিক, কমনৱেলথ , বিশ্ব চেম্পিয়নশ্বীপ, এছিয়ান চেম্পিয়নশ্বীপ সকলোতে অংশ লৈছিল যদিও প্ৰথমবাৰৰ বাবে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিলে।

অসমৰ খেলুৱৈগৰাকীৰ এই সফলতাৰ বাবে বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই অভিনন্দন জ্ঞাপন কৰিছে।

লগতে চাওকঃ

পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই, বাংলাদেশীও অসমীয়াতকৈ ভালঃ পৰেশ বৰুৱা

220 1

Leave a Reply

Your email address will not be published. Required fields are marked *