আন্তঃৰাষ্ট্ৰীয়অসমীয়া

‘মন কী বাত’ত প্ৰধানমন্ত্ৰীৰ মুখত ইন্টাৰনেট ষ্টাৰ কিলি পল আৰু নিমাৰ কথা, ক’লে…

তাঞ্জানিয়াৰ ভাতৃ-ভগ্নীৰ যুটি কিলি পল আৰু নিমা পল বৰ্তমান সামাজিক মাধ্যমৰ তাৰকা হৈ পৰিছে।

ভাৰতীয় গীতত সাৱলীল লিপ চিংক অভিনয় কৰি লাখ লাখ ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে কিলি আৰু নিমাই।

এই দুই ভাতৃ-ভগ্নীৰ যুটি এতিয়া কেৱল সাধাৰণ ভাৰতীয়ৰ মাজতে জনপ্ৰিয় নহয়, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দোহাৰিলে তেওঁলোকৰ জনপ্ৰিয়তাৰ কথা।

vlcsnap 2022 02 27 14h53m41s803

শনিবাৰে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত তাঞ্জানিয়াৰ এই ইণ্টাৰনেট ষ্টাৰ ভাতৃ-ভগ্নীৰ কথা বিশেষভাৱে উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, “ভাৰতীয় সংস্কৃতি আৰু ইয়াৰ ঐতিহ্যৰ কথা ক’বলৈ গৈ মই আজি মন কী বাতত দুজন লোকৰ সৈতে আপোনালোকৰ পৰিচয় কৰাই দিব বিচাৰো। আজিকালি, তাঞ্জানিয়াৰ দুই ভাতৃ-ভগ্নী কিলি পল আৰু নিমা ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত যথেষ্ট চৰ্চিত হৈ আছে। আৰু মই নিশ্চিত যে আপুনিও তেওঁলোকৰ বিষয়ে শুনিছে। তেওঁলোকৰ মনত ভাৰতীয় সংগীতৰ প্ৰতি এক দুৰ্বাৰ আগ্ৰহ আছে, ভালপোৱা আছে। সেহেয়ে তেওঁলোক আজি অতি জনপ্ৰিয়। তেওঁলোকৰ লিপ চিংকৰ ধৰণে দেখুৱায় যে তেওঁলোকে ইয়াৰ বাবে কিমান পৰিশ্ৰম কৰে।”

উল্লেখ্য যে, ইণ্টাৰনেট ষ্টাৰ কিলি পলক কিছুদিন পূৰ্বে তাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়োগে বিশেষভাৱে সন্মানিত কৰিছিল।

সাধাৰণ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি ভাৰতৰ প্ৰায় প্ৰতিটো জনপ্ৰিয় সংগীতত লিপ চিংক কৰি আহিছে কিলি আৰু নিমাই।

তেওঁলোকৰ এনে অনন্য প্ৰতিভাই ভাৰতৰ লগতে সমগ্ৰ বিশ্বত লাখ লাখ অনুৰাগীৰ সৃষ্টি কৰিছে।

ইপিনে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এনে প্ৰশংসাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিলি পলে। ইন্ষ্টাগ্ৰামত প’ষ্ট কৰি পলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীলৈ কৃতজ্ঞতা জনাই তেওঁ অনুপ্ৰাণিত হােৱা বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *