নিউজ ডেস্কঃ জৈন মন্দিৰৰ পৰা সোণ-ৰূপৰ সম্পদ চুৰি কৰি অনুশোচনাত দগ্ধ হৈ ক্ষমাপত্ৰ লিখি সামগ্ৰীখিনি পুনৰ ওভতাই দিলে মন্দিৰক।
এনে এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মধ্যপ্ৰদেশৰ বালাঘাটত।
দৰাচলতে বালাঘাটৰ লমতাৰ বজাৰ চ’কত অৱস্থিত শান্তিনাথ দিগম্বৰ জৈন মন্দিৰৰ পৰা যোৱা ২৪ অক্টোবৰত চোৰে চুৰি কৰি নিছিল ৯ টা ৰূপৰ ছাটি, এটা ৰূপৰ ভামণ্ডল আৰু ৩টা পিতলৰ ভামণ্ডল।

এই চুৰি কাণ্ড সন্দৰ্ভত মন্দিৰ কৰ্তৃপক্ষই লমতা থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে চোৰৰ সন্ধানত অব্যাহত ৰাখিছিল অভিযান।
কিন্তু ইয়াৰ মাজতে গ্ৰাম পঞ্চায়তৰ ৯ নং ৱাৰ্ডত অৱস্থিত প্ৰবীণ জৈনৰ ঘৰৰ সন্মুখৰ এটা ৰাজহুৱা পানীৰ টেপৰ কাষৰ গাঁতত বেগসহ চুৰি সামগ্ৰীখিনি থৈ যায়।

জৈন পৰিয়ালে পানী ভৰাবলৈ আহি পানী টেপৰ কাষৰ গাঁতটোত বেগটো প্ৰত্যক্ষ কৰি খুলি চোৱাত মন্দিৰৰ পৰা চুৰি হোৱা ৰূপৰ সামগ্ৰীখিনি প্ৰত্যক্ষ কৰে।
এই বেগটোত সামগ্ৰীখিনিৰ লগতে চোৰে এখন ক্ষমা পত্ৰও এৰি থৈ যায়। য’ত চোৰে চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে সেয়া ভুল আছিল বুলিও উল্লেখ কৰে।

পত্ৰখনত চোৰে লিখিছে, ‘মই এই সামগ্ৰীখিনি চুৰি কৰিছিলো। কিন্তু মোৰ এই ভুল ক্ষমা কৰি দিয়ক। এই সামগ্ৰীখিনি বাবে মই বহুত কষ্ট পাইছো, যাৰ বাবে মই ঘূৰাই দিছো। ইয়াত যি আছে, সেয়া জৈন মন্দিৰক দিব।’
আনহাতে চোৰে পত্ৰখনত নিজকে লামতাৰ বাসিন্দা বুলিও উল্লেখ কৰে।
ইফালে জৈন পৰিয়ালে এই সামগ্ৰীখিনি সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বেগসহ সামগ্ৰীখিনি উদ্ধাৰ কৰি পিছত জৈন মন্দিৰক গতাই দিয়ে।









