‘কা’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি সম্পন্ন, শপতনামা দাখিল কৰিব নোৱাৰিলে অসম-ত্ৰিপুৰা চৰকাৰে…

উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন।

মুখ্য ন্যায়ালয়ত উদয় উমেশ ললিতৰে গঠিত ৩জনীয়া বিচাৰপীঠে গ্রহণ কৰে শুনানি।

শুনানিৰ সময়ত শপতনামা দাখিল কৰিব নোৱাৰিলে অসম-ত্ৰিপুৰা চৰকাৰে।

উভয় চৰকাৰক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ।

ইতিমধ্যে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰিছে সৰ্বোচ্চ ন্যালায়ত।

৬ ডিচেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য।

উল্লেখ্য যে, এই আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল ২৩২খনকৈ আবেদন।