মন্দিৰৰ প্ৰসাদ বিতৰণৰ সময়তে অঘটন! পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিউজ ডেস্কঃ মন্দিৰত বিতৰণ কৰা প্ৰসাদ ল’বলৈ যোৱাৰ সময়ত সৃষ্টি হোৱা লৰাঢপৰাত গুৰতৰভাৱে আহত হয় কমেও ১৭ জন ভক্ত। দেওবাৰে এই ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ সাগৰৰ এটা মন্দিৰত।

জানিব পৰা মতে, দেওবাৰে সাগৰৰ এটা মন্দিৰত আয়োজন কৰা হৈছিল ‘ৰাম কথা’ৰ। য’ত প্ৰায় ২৫ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে। ‘ৰামকথা’ৰ অন্তত বিতৰণ কৰা নাৰিকলৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ ভক্তসকলে উথপথপ লগায়। যাৰ ফলত পদপিষ্ট হৈ পৰে বহু ভক্ত।

Rush For Coconut Prasad Causes Stampede In Madhya Pradesh, 17 Injured

সকলোৱে প্ৰথমে প্ৰসাদ লাভ কৰিব বিচৰাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা এই অপ্ৰীতিকৰ পৰিস্থিতিত কমেও ১৭ জন লোক পদপিষ্ট বৈ আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে পৰিিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মন্দিৰ চৌহদত আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়। আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

অনুষ্ঠানটিৰ পৰিচালনাত জড়িত এগৰাকী স্বেচ্ছাসেৱকে জানিবলৈ দিয়া মতে, কোনো ক্ৰুটি নৰখাকৈ অনুষ্ঠানটো পৰিচালনা কৰা হৈছিল। কিন্তু প্ৰসাদ বিতৰণৰ সময়ত একাংশ ভক্তই পৰিচালনা সমিতিয়ে বান্ধি দিয়া নিয়ম উলংঘা কৰে। যাৰ ফলত পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত হয়।

Leave a Comment