নাওবৈচাৰ প্ৰাক্তন বিধায়ক, AIUDF নেতা মামুদ ইমদাদুল হক চৌধুৰীৰ AAP ত যোগদান…

নাওবৈচাৰ প্ৰাক্তন বিধায়ক, AIUDF নেতা মামুদ ইমদাদুল হক চৌধুৰীৰ AAP ত যোগদান।

গুাৱাহাটীৰ এক যোগাদন কাৰ্যসূীচত প্ৰাক্তন বিধায়কগৰাকীয়ে গ্ৰহণ কৰিলে আপৰ সদস্যপদ।

মামুদ ইমদাদুল হক চৌধুৰীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য ব্ৰজেন কুমাৰ সন্দিকৈ আৰু এ আই ইউ ডি এফৰ মুখপাত্ৰ ৰেজাউল হাছানৰ যোগদান।

আপ অসমৰ ৰাজ্যিক মূখ্য কাৰ্যালয়ত ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠানিক ভাবে আম আদমি পাৰ্টীত যোগদান কৰে।

আপত যোগদান কৰি মামুদ ইমদাদুল হক চৌধুৰীয়ে কয়- মই AIUDF কেতিয়াবাই এৰিছো। আম আদমি পাৰ্টিৰ সততা, সৰলতাই মোক আকৰ্ষিত কৰিছে। আপৰ কেন্দ্ৰীয় নেতৃত্বই অসমক লৈ যিদৰে অধ্যয়ন কৰিছে সেয়া আন কোনো দলে কৰা নাই।

তেওঁ লগতে কয়- অসমৰ জনগাঁঠনি,ভৌগলিক অৱস্থান কঠিন। সেয়ে অসমত পাঞ্জাৱ, দিল্লী হিচাপে কাম কৰিলে নহ’ব। ইয়াত অসমৰ ধৰণে কাম কৰিব লাগিব। মই ডেৰ বছৰে আপৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিছো।

Leave a Comment