অসম

মন্ত্ৰী বিমল বৰাৰ মহানুভৱতা! দুৰ্ঘটনাগ্ৰস্ত যুৱকক এম্বুলেন্সেৰে নিজেই লৈ গ’ল চিকিৎসালয়লৈ

ৰাজ্যত মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰাৰ লগতে এইবাৰ মহানুভৱতাৰ পৰিচয় দিলে মন্ত্ৰী বিমল বৰাই।

মানৱতাবোধ আৰু দায়িত্ববোধেৰে মানৱ সেৱাৰ এক বাস্তৱ নিদৰ্শন দাঙি ধৰিলোঁ মন্ত্ৰীগৰাকীয়ে।

এগৰাকী দুৰ্ঘটনাগ্ৰস্ত যুৱকক এম্বুলেন্সেৰে নিজেই লৈ গ’ল চিকিৎসালয়লৈ।

image 67

দেওবাৰে সন্ধিয়া ৭ মান বজাত টিংখাং সমষ্টিৰ অন্তৰ্গত 52-B নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰী নখাটৰ সমীপত সংঘটিত হয় এক দুৰ্ঘটনা।

এখন তীব্ৰবেগী মাৰুটি ৱেগনাৰে চাংমাই গাঁওৰ এজন যুৱকক খুন্দিয়াই থৈ যোৱাত যুৱক জনে গুৰুত্বৰভাৱে মূৰত আঘাত পায়।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ সমীপতে উক্ত সময়খিনিত কেৱিনেট মন্ত্ৰী বিমল বৰাই বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী সমাপন কৰি একাংশ ৰাইজৰ সতে মতবিনিময়ত ব্যস্ত আছিল।

মন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে উপস্থিত হয় ঘটনাস্থলীত।

image 68

উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ এখন ১০৮ এম্বুলেন্স ব্যৱস্থা কৰি নিজেও এম্বুলেন্সত উঠি অসম মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে লৈ যায়।

দুৰ্ঘটনাগ্ৰস্ত যুৱকগৰাকীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা মন্ত্ৰীগৰাকীৰ এই মহানুভৱতাক শলাগিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *