অসম

গঁড়ৰ খড়্গসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী…

তিতাবৰত গঁড়ৰ খৰ্গসহ দুই সৰবৰাহকাৰীক আটক।

তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত যোৱা তিতাবৰ আৰক্ষীৰ এটা দলে তিতাবৰ তেলীয়াপতিৰ পৰা গঁড়ৰ খড়্গ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুই সৰবৰাহকাৰীক।

আটকাধীন দুই সৰবৰাহকাৰী ক্ৰমে আজিজুল ৰহমান আৰু ৰাজেন বাউৰী বুলি জানিব পৰা গৈছে।

গঁড়ৰ খড়্গটোৰ ওজন ৭০০ গ্ৰাম। খৰ্গটোৰ দাম প্ৰায় ডেৰ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে।

image 69

৭০০ গ্ৰাম ওজনৰ গঁড়ৰ খড়্গটো বিক্ৰী কৰিব আহোঁতেই তিতাবৰ আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী।

আজিজুল ৰহমানৰ ঘৰ দক্ষিণ হেঙেৰাত আৰু ৰাজেন বাউৰী ঘৰ চুটজান কাঠনি পথাৰত বুলি জানিব পৰা গৈছে।

বৰ্তমান দুই সৰবৰাহকাৰীক তিতাবৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *