মধ্য আকাশতে ভাঙি পৰিল গুৱাহাটী অভিমুখী বিমানৰ উইণ্ডশ্বিল্ড, জয়পুৰত জৰুৰী অৱতৰণ

নিউজ ডেস্কঃ মধ্য আকাশত এখন যাত্ৰীবাহী বিমানৰ উইণ্ডশ্বিল্ড ভাগি পৰাত পথ সলনি কৰিবলগীয়া হয় বিমানখনৰ। বুধবাৰে দিল্লীৰ পৰা গুৱাহাটী অভিমুখে বিমানখন উৰা মৰাৰ ক্ষন্তেক সময় পিছতে ধৰা পৰে এই বিসংগতি।

যাৰ ফলত গ’ এয়াৰৰ বিমানখনৰ পথ সলনি কৰি জয়পুৰলৈ লৈ যোৱা হয়।

জানিব পৰা মতে, গ’ এয়াৰৰ জি৮-১৫১ বিমানখনে বুধবাৰে দুপৰীয়া ১২.৪০ বজাত দিল্লীৰ পৰা উৰা মাৰিছিল। কিন্তু বিমানখন মধ্য আকাশত উৰি থকা সময়তে উইণ্ডশ্বিল্ড ভাগি পৰে।

go air
মধ্য আকাশতে ভাঙি পৰিল গুৱাহাটী অভিমুখী বিমানৰ উইণ্ডশ্বিল্ড, জয়পুৰত জৰুৰী অৱতৰণ 2

কিছু সময়ৰ পাছত পাইলটে বিজুতিৰ বিষয়ে জানিব পৰাত বিমানখন পুনৰ দিল্লীলৈ লৈ যোৱা হয় যদিও দিল্লীৰ বেয়া বতৰৰ বাবে অৱতৰণ কৰিব নোৱাৰি তাৰ পিছত বিমানখন জয়পুৰলৈ লৈ যোৱা হয় আৰু নিৰাপদে অৱতৰণ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে গ’ এয়াৰৰ মুম্বাই-লেহ আৰু শ্ৰীনগৰ-দিল্লী দুয়োখন বিমানৰ ইঞ্জিন বিকল হোৱাৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছিল। ডিজিচিএৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দুয়োটা কাণ্ডৰ তদন্ত কৰি থকা হৈছে।