মদৰ ৰাগীত আৰক্ষীৰ বাহন চালকক আক্ৰমণ কৰি ৰিজাৰ্ভ ক্ল’জ ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ

নিউজ ডেস্কঃ সুৰাসক্ত হৈ নিজৰে গাড়ী চালকক গুৰুলা গুৰুলকৈ আক্ৰমণ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক কৰা হ’ল ৰিজাৰ্ভ ক্ল’জ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে সুৰাৰ ৰাগীত একেখন থানাৰ গাড়ী চালক পাপু সোণোৱালক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল।

image 164
মদৰ ৰাগীত আৰক্ষীৰ বাহন চালকক আক্ৰমণ কৰি ৰিজাৰ্ভ ক্ল’জ ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ 4

মঙলবাৰে নিশা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখতে কৰ্তব্যৰত হৈ থকা অৱস্থাত গাড়ী চালক এছএছবি জোৱান পাপু সোণোৱালক আক্ৰমণ কৰে সুৰাসক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈয়ে।

আনহাতে এছএছবি জোৱানজনক কেৱল আক্ৰমণতে ক্ষান্ত নাথাকি ভাৰপ্ৰাপ্ত বিষয়াজনে তেওঁক চোঁচৰাই থানালৈ লৈ আনে আৰু লকআপৰ ভিতৰক ভৰাই মূৰত পিষ্টল লগাই প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

image 165
মদৰ ৰাগীত আৰক্ষীৰ বাহন চালকক আক্ৰমণ কৰি ৰিজাৰ্ভ ক্ল’জ ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ 5

সুৰাসক্ত আৰক্ষী বিষয়াজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পাপু সোণোৱালক হাস্পতালত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

image 166
মদৰ ৰাগীত আৰক্ষীৰ বাহন চালকক আক্ৰমণ কৰি ৰিজাৰ্ভ ক্ল’জ ঘিলাধাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈ 6

জানিব পৰা মতে, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সন্মুখত কৰ্তব্য সম্পাদন কৰি থকা সময়ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈ সুৰাসক্ত অৱস্থাৰে তৰ্কত লিপ্ত হোৱা দেখি বুজনি দিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ গাড়ী চালক পাপু সোণোৱালে। আৰু তাতেই ক্ষুন্ন হৈ বিষয়াজনে জোৱানজনক মাৰপিট কৰে।

ইফালে সেই সময়ত ঘটনাস্থলীতে পৰি ৰয় সুৰাসক্ত আৰক্ষী বিষয়াজনৰ নেমপ্লেট আৰু বেজ। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অভিযুক্ত আৰক্ষী বিষয়া ৰাজেশ্বৰ গগৈক।

আৰক্ষীৰ ওপৰতে আৰক্ষীৰ এই গুণ্ডাগিৰিৰ ঘটনাই অঞ্চলটোতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।