অসম

মৰ্মান্তিক! ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে…

এক কৰুণ ঘটনা।

ছেল্‌ফী লওঁতে ভৰি পিছলি নদীত পৰি কৰুণ মৃত্যুক সাবটিলে IITৰ ছাত্ৰীয়ে।

উত্তৰ প্ৰদেশৰ কানপুৰৰ সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি আই আই টিৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে গংগা নদীৰ ওচৰত ফুৰিবলৈ গৈছিল।

গংগা নদীৰ ওপৰত থকা এটা নদীবান্ধত তেওঁলোকে ফটো উঠিবলৈ লয়।

তেতিয়াই এগৰাকী ছাত্ৰীৰ ভৰি পিছল খাই গংগা নদীত পৰে।

লগে লগে ঘটনাস্থলীত থকা তেওঁৰ বন্ধুবৰ্গই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু ডুবাৰুৰ দল ঘটনাস্থলীত উপস্থিত হয়।

এক ঘণ্টা জুৰি সন্ধান কৰাৰ অন্তত নদীৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে পৰীক্ষা কৰি ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে।

২০ বছৰীয়া যুৱতীগৰাকী ৰাজস্থানৰ বাসিন্দা আছিল। তেওঁৰ নাম আছিল ছেজল জৈন। ছেপ্টেম্বৰত তেওঁ আই আই টি হোষ্টেললৈ আহিছিল।

ছেজল জৈন আইআইটি কানপুৰৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। ঘটনাটোৱে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত পেলাইছে গভীৰ শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *