অসমীয়াঅসমমণিপুৰ

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন গোলকগঞ্জৰ অভিযন্তা কমলেশ তালুকদাৰ! পৰিয়ালত হাহাকাৰ

নিউজ ডেস্কঃ মণিপুৰৰ ভূমিস্খলনে আন এক শোকবাৰ্তা কঢ়িয়াই আনিছে অসমলৈ! মণিপুৰত নোনে জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন আছে ৰে’লৱে বিভাগৰ এগৰাকী অভিযন্তা। গোলকগঞ্জৰ কমলেশ তালুকদাৰ নামৰ অভিযন্তাগৰাকী টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মানস্থলীত সংঘটিত ভূমিস্খলনৰ পিছৰে পৰাই সন্ধানহীন হৈ থকাত এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়াল।

জানিব পৰা মতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা কমলেশ তালুকদাৰ নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত কৰ্তব্যৰত হৈ আছিল। তাতেই বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। তাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাই যুৱ অভিযন্তাগৰাকীৰ। যাৰ বাবে এতিয়া পৰিয়ালত হাহাকাৰ লাগিছে।

photo1656740230

প্ৰণিধানযোগ্য যে, মণিপুৰৰ এই প্ৰচণ্ড ভূমিস্খলনত নিহতৰ সংখ্যা বৃদ্ধি পাইছে ২০ জনলৈ। এতিয়ালৈকে ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী বাহিনীয়ে টেৰিট’ৰিয়েল আৰ্মীৰ ১৩ জন জোৱান আৰু ৫ জন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰিছে।

আনহাতে এতিয়ালৈকে নিহত হোৱা ২০ জনৰ ভিতৰত ১৫ জনেই হৈছে টেৰিট’ৰিয়েল আৰ্মীৰ জোৱান। শ্বহীদ জোৱান সকলৰ ৯ গৰাকীৰ ঘৰ পশ্চিম বংগত আছিল। অসমৰো এগৰাকী জোৱান শ্বহীদ হয় এই ঘটনাত।

photo1656740354

ইফালে এই ভূমিস্খলনত মৰিগাঁও জিলাৰ ২ জন শ্ৰমিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। তদুপৰি এতিয়া ১৭ জন শ্ৰমিকৰ সন্ধান লাভ কৰা হোৱা নাই। ভূমিস্খলন সংঘটিত স্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনা, আছাম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ বাহিনীৰ দলে।

বৰ্তমানো ৪৪ জন লোক এই ভূমিস্খলনত সন্ধানহীন হৈ থকা বুলি জানিবলৈ দিছে উদ্ধাৰকাৰী দলৰ এগৰাকী বিষয়াই।