নিউজ ডেস্কঃ আৰক্ষীয়ে জব্দ কৰা বোমা আদালতত দাখিল কৰাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ। যাৰ ফলত আহত হয় এজন আৰক্ষী বিষয়া।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বিহাৰৰ ৰাজধানী পাটনাৰ এখন চিভিল আদালতত। জানিব পৰা মতে, আৰক্ষীয়ে বোমাটো আদালতলৈ লৈ অনাৰ পিছতে হঠাৎ বোমাটো বিস্ফোৰণ ঘটে। যাৰ ফলত আদালতত ক্ষন্তেক সময়ৰ বাবে আতংকই বিৰাজ কৰে।
তথ্য অনুসৰি, তথ্য অনুসৰি কিছুদিন পূৰ্বে পাটনাৰ এটা হোষ্টেলৰ পৰা এটা বোমা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। উদ্ধাৰ হোৱা বোমাটো গোচৰৰ শুনানিৰ বাবে আদালতলৈ অনা হৈছিল। আৰু সেই সময়তে বোমাটো বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ সময়ত তাত উপস্থিত থকা গোচৰটোৰ তদন্তত জড়িত কদমকুয়ান আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া আহত হয়।
জানিব পৰা মতে, বিস্ফোৰণ হোৱা বোমাটোৰ তীব্ৰতা অতি কম আছিল, যাৰ বাবে ভয়ংকৰ ক্ষয়-ক্ষতিৰ পৰা আদালত চৌহদ ৰক্ষা পৰে। সম্প্ৰতি বিস্ফোৰণত আহত আৰক্ষী বিষয়াজনক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সমান্তৰালভাৱে বিষয়টোৰো তদন্ত চলি আছে।









