মণিপুৰকে ধৰি দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা

কোভিডৰ আতংকৰ মাজতে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী।

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই গোৱা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু মণিপুৰত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ইয়াৰ পিছত ১৪ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব।

পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুখ্য নিৰ্বাচন আয়ুক্তজনে কয় যে পাঁচখন ৰাজ্যই কোভিড পৰিস্থিতিত নতুন নিৰ্দেশনা অনুসৰি ভোট দিব। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হব।

ইফালে শনিবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই কয় যে কোভিড পৰিস্থিতিত নিৰ্বাচনৰ দিন বাছনি কৰাটো এটা প্ৰত্যাহ্বান। নিৰ্বাচন অনুষ্ঠিত হবলগীয়া এই পাঁচখন ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা ১৮৩ নিযুত। ইয়াৰ ভিতৰত, প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগা ভিতৰৰ সংখ্যা হৈছে ২৪.৯ নিযুত।

নিৰ্বাচনী সূচী অনুসৰি, পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। উত্তৰ প্ৰদেশত সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম ৰাউণ্ড ১০ ফেব্ৰুৱাৰীত, দ্বিতীয় ৰাউণ্ড ১৪ ফেব্ৰুৱাৰীত, তৃতীয় ৰাউণ্ড ২০ ফেব্ৰুৱাৰীত, চতুৰ্থ ৰাউণ্ড ২৩ ফেব্ৰুৱাৰীত, পঞ্চম ৰাউণ্ড ২৭ ফেব্ৰুৱাৰী, ষষ্ঠ ৰাউণ্ড ৩ মাৰ্চ আৰু সপ্তম ৰাউণ্ড ৭ মাৰ্চত অনুষ্ঠিত হব।

সেইদৰে মণিপুৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম ৰাউণ্ডটো ২৭ ফেব্ৰুৱাৰীত আৰু দ্বিতীয় ৰাউণ্ড ৩ মাৰ্চত অনুষ্ঠিত হব।

আয়োগে সদৰী কৰা মতে, নিৰ্বাচনৰ বাবে প্ৰতিখন ৰাজ্যত পৰ্যাপ্ত কেন্দ্ৰীয় বাহিনীৰ জোৱান মোতায়েন কৰা হ’ব।

ইফালে, দেশৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰী লৈকে কোনো ৰাজহুৱা সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে আয়োগে।

নিশা ৮ বজাৰ পিছত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিবা। তাৰ পিছত পৰৱৰ্তী পৰিস্থিতিটো বিবেচনা কৰাৰ পিছতহে আয়োগে পুনৰ সিদ্ধান্ত ল’ব।

কোৰোনাত আক্ৰান্ত সকলৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰা হব। আনহাতে পাঁচখন ৰাজ্যত ১৬২০ গৰাকী মহিলা পৰিচালিত ভোটকেন্দ্ৰ স্থাপন কৰা হব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে।

এইবাৰ এক লাখতকৈও অধিক বুথত ৱেব কাষ্টিং ব্যৱস্থা থাকিব। ৯০০ পৰ্যবেক্ষক নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্বত থাকিব।

এইবাৰ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ভাৰ্চুৱেল আৰু ডিজিটেল মাধ্যমৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। পদযাত্ৰা, ৰোড শ্ব’, ৰেলীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আয়োগে।

আনহাতে, আয়োগৰ চিভিজিআইএল এপটো হৈছে নিৰ্বাচনী পৰ্যায়ত আদৰ্শ নিৰ্বাচনৰ নিয়মযাতে কোনো ধৰণে উলংঘন নহয় সেয়া নিশ্চিত কৰা। যদি কোনো ৰাজনৈতিক দল বা ব্যক্তিৰ হৈ বিত্তীয় লেনদেন হয় তেন্তে এই এপৰ জৰিয়তে অভিযোগ কৰিব পাৰি। এইটোও কোৱা হৈছে যে অভিযোগ দাখিল কৰাৰ ১০০ মিনিটৰ ভিতৰত সেয়া সমাধান কৰা হ’ব।

Leave a Comment