ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ চফ্টৱেৰ অভিযন্তাসহ ৪ জনৰ শােকাৱহ মৃত্যু

বাংগালুৰুৰ নাইচ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৪ জনকৈ লোকে।

এই দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো লোক।

প্ৰচণ্ড দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা দুজন পুৰুষ আৰু দুগৰাকী মহিলাক ক্ৰমে- মহম্মদ ফাদজিল, অভিলাষ, জীনা আৰু শিল্পা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহম্মদ ফাদজিল, অভিলাষ আৰু জীনা ছফ্টৱেৰ পেছাদাৰী হোৱাৰ বিপৰীতে শিল্পা আছিল বিদ্যালয়ৰ শিক্ষয়িত্ৰী।

FIk-PPIi-WUAk-S1xw

নিহত আটাইকেইগৰাকীৰ বয়স ২৫-৩০ বছৰৰ ভিতৰত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

জানিব পৰা মতে, শুকুৰবাৰে নিশা ৯.৩০ বজাত পুৰৱঙ্কাৰ এপাৰ্টমেণ্টৰ ওচৰৰ নাইচ পথত এখন তামিলনাডুৰ পঞ্জীয়ন নম্বৰৰ দ্ৰুতবেগী ট্ৰাকে প্ৰথমে এখন এখন মাৰুতি চুজুকি ৱাগনআৰ বাহনত খুন্দা মাৰে।

a1

ট্ৰাকৰ খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই ৱাগনআৰ বাহনখনে আন কেইবাখনো বাহনত খুন্দা মৰাত দুৰ্ঘটনাৰ এক শৃংখলাৰ সৃষ্টি হয়।

এই দুৰ্ঘটনাৰ শৃংখলাত ট্ৰাক আৰু ৱাগনআৰ বাহনখনৰ উপৰিও আন এখন টয়োটা কোৱালিছ আৰু এখন মাৰুতি চুজুকি চুইফ্ট আৰু তিনিখন কণ্টেইনাৰ ট্ৰাক ক্ষতিগ্ৰস্ত হয়।

a3

পশ্চিম বিভাগৰ আৰক্ষী উপায়ুক্ত (যান-বাহন) কুলদীপ কুমাৰ জৈনে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ৱাগনআৰ বাহনখনৰ চাৰিওজন আৰোহীৰ মৃত্যু ঘটাৰ লগতে কোৱালিছ বাহনৰ চাৰিজন আৰোহীয়েও গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হয়।

আনহাতে, ছুইফ্ট বাহনখনৰ দুজন আৰোহী সামান্য পৰিমানে আহত হয়। আহত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী উপায়ুক্ত (যান-বাহন) কুলদীপ কুমাৰ জৈনে।

লগতে চাওকঃ

সদ্যজাত কন্যা সন্তানৰ মুখ এবাৰাে দেখা নাপালে দেৱীলালে! ঘৰলৈ ওভতাৰ পথত বৃদ্ধ পিতৃ-মাতৃৰ সৈতে হেৰুৱালে প্ৰাণ

Leave a Comment