মই মাথো সুধিছিলো- নামঘৰত কোন? ভিতৰৰ পৰা উত্তৰ আহিল- মই কল খোৱা নাই! পূৰ্ণাংগ জামিন লাভৰ পিছতে প্ৰতিক্ৰিয়া ভিক্টৰ দাসৰ

নিউজ ডেস্কঃ অভিযোগ কৰিবলৈ গৈ নিজেই অভিযুক্ত হৈ পৰা ভিক্টৰ দাসে শুকুৰবাৰে লাভ কৰিবলৈ সক্ষম হৈছিল পূৰ্ণাংগ জামিন।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰক্ষীৰ কেচ ডায়েৰী চাই তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ ভিত্তিহীন আখ্যা দি প্ৰদান কৰিছিল পূৰ্ণাংগ জামিন।

ইয়াৰ পিছতে অসমৰ এটা স্থানীয় সংবাদ মাধ্যমৰ সন্মুখত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভিক্টৰ দাসে। তেওঁক ষড়যন্ত্ৰমূলকভাৱে ৭ দিন আৰক্ষী জিম্মাত ৰখাৰ অভিযোগ তুলি ভিক্টৰ দাসে কয়, ‘অন্যায় দেখি মনে মনে থাকিব নোৱাৰা স্বভাৱৰ বাবেই মই এয়া ভুগিবলগীয়া হ’ল।’

তেওঁ কয়, ‘মই মাত্ৰ সুধিছিলো- নামঘৰত কোন? ভিতৰৰ পৰা উত্তৰ আহিল- মই কল খোৱা নাই। মই অভিযোগকাৰী আছিলো, কিন্তু মোকেই এৰেষ্ট কৰি ৭ দিন আৰক্ষী জিম্মাত ৰাখিলে।’

চাকৰিৰ পৰা নিলম্বন সন্দৰ্ভত ভিক্টৰে কয়, ‘মই শিক্ষকতা কৰো। পঢ়ুৱাই ভাল পাও। মই নিলম্বনৰ একেবাৰে আশা কৰা নাছিলো। মোক ল’ৰা-ছোৱালীক পঢ়ুৱাই থাকিব দিব লাগিছিল।’