ডিঙিত গামোছা লৈ বাংলাদেশত দুৰ্গা পূূজাৰ পৌৰাহিত্য অসমৰ পুৰোহিতৰ…

নিউজ ডেস্কঃ শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। অসমৰ লগতে পশ্চিমবংগত অতি উলহ মালহেৰে উদযাপন কৰা হৈছে দুৰ্গোৎসৱ।

আনহাতে বাংলাদেশত থকা হিন্দু বাঙালী সকলেও পৰম্পৰা পালন কৰি প্ৰত্যেক বছৰে আয়োজন কৰে দুৰ্গোৎসৱৰ। এইবাৰ তেনে এখন দুৰ্গা পূজাৰ পৌৰাহিত্য কৰিলে অসমৰ এগৰাকী পুৰোহিতে।

ডিঙিত গামোছা লৈ বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন দুৰ্গা পূজাত পৌৰাহিত্য কৰে অসমৰ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে।

photo1664697079
ডিঙিত গামোছা লৈ বাংলাদেশত দুৰ্গা পূূজাৰ পৌৰাহিত্য অসমৰ পুৰোহিতৰ… 3

তেজপুৰৰ পাঁচমাইলৰ নিৱাসী সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে বাংলাদেশৰ দুৰ্গা পূজাৰ পৌৰাহিত্য কৰাৰ ফটোই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো।

জানিব পৰা মতে, তেজপুৰৰ পৰিচিত পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে বিগত ১৫ বছৰ ধৰি দিল্লীত দুৰ্গা পূজাৰ পৌৰাহিত্য কৰি আহিছে। কিন্তু এইবাৰেই তেওঁ দেশৰ বাহিৰলৈ পূজাৰ বাবে আমন্ত্ৰণ লাভ কৰিছিল।

ঢাকাৰ আজিমপুৰৰ চৰকাৰী কৰ্মচাৰী আৱাসৰ অস্থায়ী দুর্গা পূজা মণ্ডপত পৌৰহিত্য কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছিল সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে। আজিমপুৰ সাৰ্বজনীন শাৰদীয় দুর্গোৎসৱ উদযাপন পৰিষদে তেওঁক আমন্ত্ৰণ জনোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰত পুৰোহিত ৰূপে পূজা সম্পন্ন কৰে সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে।

photo1664697057
ডিঙিত গামোছা লৈ বাংলাদেশত দুৰ্গা পূূজাৰ পৌৰাহিত্য অসমৰ পুৰোহিতৰ… 4

তেওঁ কয়, ”এইবাৰ প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত পূজা কৰি আছো। এক বেলেগ অভিজ্ঞতা। বেলেগ পৰিৱেশ, কিন্তু একেটা কাম। এয়া মোৰ বাবে প্ৰত্যাহ্বান। ইয়াৰ মানুহে মোক যি আশাৰে আমন্ত্ৰণ জনাইছে, সেই আশা মই পূৰণ কৰিব বিচাৰো।’

সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে ভাৰতৰ পূজা মণ্ডপৰ দৰেই একে বাংলাদেশৰো পূজা মণ্ডপ। মাথো পূজাৰ নিয়ম কিছু পৃথক। বাংলাদেশত সাত্তিক পূজা কৰা হয় বুলিও জানিবলৈ গিয়ে অসমীয়া পুৰোহিতগৰাকীয়ে।

উল্লেখ্য যে, আজিমপুৰ সৰ্বজনীন পূজা উদযাপন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি শ্যামা প্ৰসাদ বেপাৰীয়ে দিল্লীত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীৰ পূজাত আপ্লুত হৈ তেওঁক আমন্ত্ৰণ জনাইছিল।