অসমঅসমীয়া

এছআই জােনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন

নিউজ ডেস্ক। প্ৰৱঞ্চনাৰ গােচৰত শনিবাৰে মাজুলীৰ গড়মুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জােনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেই এক নিৰ্দেশনাৰ জৰিয়তে নিলম্বন কৰে জােনমণি ৰাভাক।

FUZqZWgVsAAc7oD

প্ৰৱঞ্চনাৰ গােচৰত নিজৰ ভাবী স্বামী ৰাণা পাগাগক গ্ৰেপ্তাৰ কৰা জােনমণি ৰাভাক প্ৰৱঞ্চনাৰ গােচৰতে ৩ দিনৰ জেৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ কৰে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে।

উল্লেখ্য যে ন্যায়ালয়ে জােনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

মই নিৰ্দোষী, মই ষড়যন্ত্ৰৰ বলি হলো, মোৰ সব শেষ হৈ গ’লঃ জোনমণি ৰাভা

Leave a Reply

Your email address will not be published. Required fields are marked *