মই একো নাজানো, মই হোলাৰ ভাই মোলা, কেজৰিৱাল প্ৰসংগত সাংবাদিকৰ প্ৰশ্ন সন্দৰ্ভত কিয় এই কথা ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ শিক্ষা ব্যৱস্থাক লৈ কথাৰ কটাকটি চলি আছে দুখন ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ মাজত। অসমৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কৰা টুইটৰ পিছতে তেওঁক উভতি ধৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হৈছিল দিল্লী আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ তুলনা।

সামাজিক মাধ্যমত অধিকাংশৰে দাবী- যিমানেই ফিতাহি নামাৰিলেও দিল্লীৰ শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব নোৱাৰে অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাত কৰা উন্নয়নে। এনে অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মাই শুনিব নিবিচৰাটো স্বাভাৱিক।

এনে পৰিপ্ৰেক্ষিততে কেজৰিৱাল সন্দৰ্ভত প্ৰশ্ন সুধিলে মালিকক ফোন কৰি দৰমহা কাটিব বুলি সাংবাদিকক একপ্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে সৃষ্টি হয় আন এক প্ৰতিক্ৰিয়াৰ।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই কি প্ৰশ্ন সুধিব, কি বাতৰি পৰিৱেশন কৰিব তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাংবাদিকৰ লগতে সচেতন নাগৰিক। ইয়াৰ পিছতে মঙলবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে সাংবাদিকে।

কেজৰিৱালৰ কথা সুধিলে মালিকক কৈ কিয় দৰমহা কাটিব বুলি সাংবাদিকে মুখ্যমন্ত্ৰীক সোধা প্ৰশ্নত যেন মুখৰ মাত হেৰাল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ। লাহেকৈ তেওঁ ক’লে- ‘মই একো নাজানো, মই হোলাৰ ভাই মোলা।’

সকলো বিষয়তে উদাহৰণ, উপমাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব জনা মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সাংবাদিকৰ এই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকে। তেওঁ ধেমেলিয়া সুৰত নিজকে একো নজনা জকাইচুকৰ সাধাৰণ মানুহজন বুলি পতিয়ন নিয়াব বিচাৰিলেও মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়াত তেওঁ যে সাংবাদিকক ভাবুকি প্ৰদান কৰিবলৈ গৈ নিজেই জবাবদীহি হৈ পৰিছে, সেয়াই স্পষ্ট হৈ পৰিছে।