চাঞ্চল্যকৰ! ৪ দিন ধৰি সন্ধানহীন একেখন গাঁৱৰে ৩ গৰাকীকৈ কিশোৰী, অষ্টমী, চমাৰী আৰু মমীক বিচাৰি হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

চাৰিদিন ধৰি সন্ধানহীন একেখন গাঁৱৰে ৩ গৰাকীকৈ কিশোৰী।

টিংখাঙৰ ঘূগুলনী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

চাৰি দিন ধৰি সন্ধানহীন হৈ আছে ঘূগুলনী গাঁৱৰ তিনিগৰাকীকৈ কিশোৰী।

জানিব পৰা মতে, শনিবাৰে বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈ আৰু উভতি অহা নাই ঘূগুলনী গাঁৱৰ তিনিগৰাকীকৈ কিশোৰী।

নিৰুদ্দিষ্ট কিশোৰী কেইগৰাকী হৈছে- অষ্টমী চালুক, চমাৰী টুটী আৰু মমী টুটী।

শনিবাৰৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ নাই তিনিওগৰাকী কিশোৰীৰ।

কিশোৰী তিনিগৰাকী টিংখাঙৰ বামুণবাৰীৰ ৪নং ঘূগুলনী গাঁৱৰ।

image 200
চাঞ্চল্যকৰ! ৪ দিন ধৰি সন্ধানহীন একেখন গাঁৱৰে ৩ গৰাকীকৈ কিশোৰী, অষ্টমী, চমাৰী আৰু মমীক বিচাৰি হাহাকাৰ... 2

ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই গৈছিল অষ্টমী চালুক।

টিংখাঙৰ লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অষ্টমী চালুক।

অষ্টমীৰ লগতে একে দিনাই নিৰুদ্দেশ হৈ আছে গাঁওখনৰ আন দুগৰাকী কিশোৰী চমাৰী টুটী আৰু মমী টুটী।

নিজ কন্যাক বিচাৰি হাহাকাৰ তিনি কিশোৰীৰ পৰিয়ালৰ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে তিনি ভুক্তভোগী পৰিয়ালে।