মই আপোনাৰ চাকৰ নহয়! সদায় হাঁহিমুখেৰে যাত্ৰীক সম্ভাষণ জনোৱা এয়াৰ হোষ্টেজৰ হঠাৎ কিয় খং উঠিল যাত্ৰীৰ ওপৰত? ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ সদায় হাঁহি মুখেৰে যাত্ৰীক সম্ভাষণ জনোৱা বিমানৰ এগৰাকী এয়াৰ হোষ্টেজৰ হঠাৎ খং উঠিল এগৰাকী যাত্ৰীৰ ওপৰত।

খং মানে যাত্ৰীৰ সৈতে বাক যুদ্ধতো লিপ্ত হৈ পৰিল বিমান পৰিচাৰিকাগৰাকী।

আকাশমাৰ্গত যাত্ৰী আৰু সুন্দৰী বিমান পৰিচাৰিকাৰ মাজৰ এই বাকযুদ্ধৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমতো।

দৰাচলতে ইণ্ডিগ’ বিমানৰ ভিতৰত খাদ্য পৰিৱেশনক লৈ যাত্ৰী আৰু ক্ৰু মেম্বাৰ গৰাকীৰ মাজত সৃষ্টি হয় এই বাক যুদ্ধৰ।

জানিব পৰা মতে, ইস্তানবুলৰ পৰা দিল্লী অভিমুখে উৰা মৰা ইণ্ডিগ’ বিমানখনৰ এজন যাত্ৰীয়ে ক্ৰু মেম্বাৰৰ পৰা প্ৰি বুকিঙৰ বিপৰীতে খাদ্য বিচাৰিছিল।

কিন্তু বিমানৰ ক্ৰু মেম্বাৰে তেনেকৈ পূৰ্ব নিৰ্ধাৰিত নথকাকৈ খাদ্য দিবলৈ অপৰাগ হোৱাত এগৰাকী মহিলা ক্ৰু মেম্বাৰক দুৰ্ব্যৱহাৰ কৰে যাত্ৰীজনে।

তাৰ পিছতে আন এগৰাকী মহিলা ক্ৰু মেম্বাৰে যাত্ৰীজনৰ সৈতে তৰ্কত লিপ্ত হয়।

ভিডিঅ’টোত স্পষ্টকৈ দেখা নোপোৱা এজন পুৰুষ যাত্ৰীক এয়াৰ হোষ্টেছগৰাকীয়ে কোৱা দেখা গৈছে, “আপুনি মোৰ ফালে আঙুলি টোঁৱাই মোক চিঞৰিছে। আপোনাৰ কাৰণে আমাৰ ক্ৰুৱে কান্দিছে।”

এয়াৰ হোষ্টেছগৰাকীয়ে যাত্ৰীগৰাকীৰ বৰ্ডিং পাছ যেন লগা বস্তুটো ওপৰলৈ তুলি লৈ কোৱা দেখা যায়, “আমি কেৱল আপোনাৰ প্ৰি বুকিং খাদ্যহে পৰিবেশন কৰিব পাৰো…।”

তাৰ পিছত যাত্ৰীগৰাকীয়ে ক্ৰু মেম্বাৰগৰাকীক অধিক উঞ্চতাৰে কোৱা শুনা যায়, “আপুনি কিয় চিঞৰিছে?”

তাৰ পিছতে যেন কথাৰ কোমলতা হেৰুৱায় পেলায় ক্ৰু মেম্বাৰগৰাকীয়ে। দুগুণ উচ্চস্বৰত তেওঁ কয়, “কাৰণ আপুনি আমাৰ ওপৰত চিঞৰিছে।”

সেই সময়তে আন এগৰাকী এয়াৰ হোষ্টেছে তৰ্ক কৰা যুটিটোৰ মাজত নিজকে থিয় কৰি নিজৰ সহকৰ্মীজনক যাত্ৰীজনৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰে।

কিন্তু তেতিয়াও ক্ষান্ত নোহোৱা ক্ৰু মেম্বাৰগৰাকীয়ে কয়, “মই দুখী, কিন্তু আপুনি ক্ৰুৰ লগত তেনেকৈ কথা পাতিব নোৱাৰে।”

যাত্ৰীগৰাকীয়ে তেওঁক মনে মনে থাকিবলৈ কোৱাত এইবাৰ ক্ৰু মেম্বাৰ গৰাকীয়ে পুনৰ উচ্চস্বৰত কয়, ”আপুনি মোৰ লগত তেনেকৈ কথা পাতিব নোৱাৰে। মই এগৰাকী কৰ্মচাৰী। আপোনাৰ চাকৰ নহয়।”

এই বাকযুদ্ধ সন্দৰ্ভত বিমান সংস্থাটোৱে পৰৱৰ্তী সময়ত এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত উল্লেখ কৰা হৈছে, ‘২০২২ চনৰ ১৬ ডিচেম্বৰত ইস্তানবুলৰ পৰা দিল্লীলৈ যোৱা ৬ই ১২নং বিমানত সংঘটিত হোৱা এই কাণ্ডৰ বিষয়ে আমি অৱগত। এই বিষয়টো ক’ডশ্বেয়াৰ সংযোগৰ জৰিয়তে যাত্ৰা কৰা কিছুমান যাত্ৰীয়ে বাছি লোৱা খাদ্যৰ সৈতে জড়িত আছিল।’

সংস্থাটোৱে পুনৰ লিখিছে, ”ইণ্ডিগ’ই নিজৰ গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন আৰু আমাৰ গ্ৰাহকসকলক এক সৌজন্যশীল আৰু হেঁচামুক্ত অভিজ্ঞতা প্ৰদান কৰাটো আমাৰ অহৰহ প্ৰচেষ্টা। আমি এই ঘটনাৰ ওপৰত চকু ৰাখিছো আৰু নিশ্চিত কৰিব বিচাৰিছো যে গ্ৰাহকৰ আৰাম সদায় আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈ আহিছে।”