এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ মহানুভৱতা! অৱসৰৰ পিছত লাভ কৰা ২১ লক্ষাধিক টকা দান দিলে সমাজৰ হিতৰ বাবে…

নিউজ ডেস্কঃ দহৰ বাবে চিন্তা কৰিব পৰা এটা মনেই প্ৰকৃততে জন্ম দিয়ে এগৰাকী প্ৰকৃত মানুহৰ।

সুদীৰ্ঘ কাল শিক্ষাৰ পোহৰ বিলাই শেহতীয়াকৈ প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল দিলীপ কুমাৰ শৰ্মাই।

কিন্তু অৱসৰৰ পিছতো অন্ত নপৰিল এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা।

যাৰ বাবে অৱসৰৰ পিছত লাভ কৰা সমুদায় ধন খৰছ কৰিলে বিভিন্ন সামাজিক কামত।

তেখেতৰ এনে কৰ্মৰাজীয়েই আজি প্ৰশংসা লাভ কৰিছে সকলোৰে পৰা।

উল্লেখ্য যে, গোলাঘাট জিলাৰ গেলাবিল জি.বি হাইস্কুলৰ পৰা প্ৰধানশিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল দিলীপ কুমাৰ শৰ্মাই।

অৱসৰৰ পিছত তেওঁ চৰকাৰৰ পৰা লাভ কৰে প্ৰায় ২১ লাখ ৫০ হাজাৰ টকা।

এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত হৈ সমাজৰ হিতৰ বাবে চিন্তা কৰা দিলীপ কুমাৰ শৰ্মাই তেওঁৰ অৱসৰৰ পিছত লাভ কৰা ধনখিনিও সমাজৰ হিতৰ বাবে দান কৰাৰ সিদ্ধান্ত লয়।

তাৰ পিছতে তেওঁ জি বি হাইস্কুলত এটা বিশাল বাটচ’ৰা নিৰ্মাণ কৰি দিয়াৰ লগতে স্থানীয় মন্দিৰ, মছজিদ, গীৰ্জাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানত তেওঁৰ সমস্ত ধন দান দিয়ে।

সমাজৰ হকে সদায় জীয়াই থাকিব বিচৰা এইগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকে ভৱিষ্যতেও সমাজৰ হকে কাম কৰি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ শৰ্মাৰ মহানুভৱতাৰ এতিয়া সকলোৱে শলাগ লৈছে।