ভয়াৱহ প্ৰদূষণঃ দিল্লীত ৩ ডিচেম্বৰলৈকে পেট্ৰ’ল, ডিজেল চালিত বাহনৰ প্ৰৱেশ নিষিদ্ধ…

ভয়াৱহ বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত অহা ২৭ নৱেম্বৰৰ পৰা পেট্ৰ’ল-ডিজেল চালিত বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে এই কথা সদৰি কৰিছে।

দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে ঘোষণা কৰিছে যে ২৭ নৱেম্বৰৰ পৰা বৈদ্যুতিক আৰু চিএনজি (CNG) বাহনসমূহে প্ৰৱেশ কৰিব, যিবোৰ অত্যাৱশ্যকীয় সেৱাত নিয়োজিত হৈ আছে।

তদুপৰি, ৩ ডিচেম্বৰলৈকে পেট্ৰ’ল আৰু ডিজেল বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব। ইফালে, প্ৰদূষণৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী কেবিনেট ২৯ নৱেম্বৰৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ সিদ্ধান্ত লৈছে।

তেওঁ কৈছে যে চৰকাৰে দিল্লী সচিবালয়ৰ পৰা আইটিঅ’ আৰু ইন্দ্ৰপ্ৰস্থ মেট্ৰ’ ষ্টেচনলৈ ইয়াৰ কৰ্মচাৰীসকলৰ বাবে শ্বাটল বাছ সেৱাও আৰম্ভ কৰিব।

আনহাতে দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড উন্নত হৈছে, কিন্তু এতিয়াও দুৰ্বল শ্ৰেণীত আছে।

ইফালে দিল্লী চৰকাৰে ১৮ নৱেম্বৰত আন ৰাজ্যৰ পৰা দিল্লীলৈ অহা সকলো ট্ৰাকৰ (অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনাৰ বাহিৰে) ২১ নৱেম্বৰলৈকে প্ৰৱেশ নিষিদ্ধ কৰিছিল।

Leave a Comment