অসম

ক’ভিডে স্বামীহাৰা কৰা ১৮ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান বিত্তমন্ত্ৰীৰ…

নলবাৰীত ক’ভিডে স্বামীহাৰা কৰা ১৮ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান।

বিত্তমন্ত্ৰী অজন্তা নেওগে নলবাৰী চহৰত উপস্থিত হৈয়ে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ বিধবা পত্নী তথা আত্মীয়ৰ হাতত প্ৰদান কৰে আঢ়ৈ লাখ টকাৰ চেক।

নলবাৰীৰ উপায়ুক্তৰ কক্ষত আয়োজিত এক কাৰ্যসূচীত জিলাখনৰ ১৮ গৰাকী বিধবা মহিলাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত এই চেক প্ৰদান কৰে।

চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা।

চেক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত অজন্তা নেওগে কয় যে, আগন্তক মাহৰ ২৭ নবেম্বৰৰ ভিতৰত মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কাম আৰম্ভ হ’ব।

তিনিটা পৰ্যায়ত ঋণ ৰেহাই প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *