ভয়াৱহ প্ৰদূষণঃ দিল্লীত এসপ্তাহৰ বাবে বিদ্যালয় বন্ধ ঘোষণা, চৰকাৰী কৰ্মচাৰীলৈ ৱৰ্ক ফ্ৰম হোমৰ সুবিধা…

ভয়াৱহ বায়ু প্ৰদূষণ চানি ধৰিছে ৰাজধানী চহৰ দিল্লী।

যাৰ পৰিপেক্ষিতত শনিবাৰে ৰাজধানী চহৰ দিল্লীত দুদিনৰ বাবে লকডাউন দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল উচ্চতম ন্যায়ালয়ে।

ইয়াৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভয়াবহ বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীৰ বিদ্যালয় সমূহ এসপ্তাহৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কেজৰিৱালে বিদ্যালয় সমূহৰ পাঠদান অনলাইন পদ্ধতিত ঘৰৰ পৰাই কৰা হ’ব বুলিও লগতে সদৰী কৰে।

আনহাতে, দিল্লীৰ সকলো চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলকো এসপ্তাহৰ বাবে ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

লগতে মুখ্যমন্ত্ৰী কেজৰিৱালে ব্যক্তিগত প্ৰতিষ্ঠান সমূহকো নিজৰ নিজৰ কৰ্মচাৰী সকলক ঘৰৰ পৰা কাম কৰাৰ বাবে অনুমতি দিয়াৰ কাৰণে আহ্বান জনায়।

ইপিনে দিল্লীত এসপ্তাহৰ বাবে নিৰ্মাণ কাৰ্য্যৰ সৈতে জড়তি সকলো কাম-কাজ বন্ধ কৰাৰ বাবেও নিৰ্দশ দিয়ে।

Leave a Comment