ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! যাত্ৰীবাহী ৰে’লৰে মালবাহী ৰে’লৰ সংঘৰ্ষ, ৫০ জনৰো অধিক লোক…

এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

মহাৰাষ্ট্ৰত যাত্ৰীবাহী ৰে’লৰে মালবাহী ৰে’লৰ ভয়ংকৰ সংঘৰ্ষ।

দুৰ্ঘটনাত যাত্ৰীবাহী ৰে’লৰ এটা দবা লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, দুৰ্ঘটনাটোত কমেও ৫০ জন লোক কম-বেছি পৰিমাণে আহত হৈছে।

নিশা প্ৰায় ২.৩০ বজাত মহাৰাষ্ট্ৰ গোণ্ডিয়াত দুৰ্ঘটনাত পতিত হয় ৰে’ল দুখন।

যাত্ৰীবাহী ৰে’লখন ৰাইপুৰৰ পৰা নাগপুৰ অভিমুখী আছিল বুলি জানিব পৰা গৈছে।

আহত যাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।