মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা! চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে সাজি দিলে দলীয় কৰ্মীৰ ঘৰ…

মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা!

চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰ ধনেৰে সাজি দিলে দলীয় কৰ্মীৰ ঘৰ।

সমাজ সেৱাকেই জীৱনৰ ব্ৰত হিচাপে লোৱা এজন ব্যক্তি হ’ল গোলাঘাটৰ আঠগাঁও মণ্ডলৰ নিৱাসী তিলেশ্বৰ শইকীয়া।

বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ লগত জড়িত শইকীয়া জীৱনৰ এছোৱা কাল ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলাৰ সভাপতি আছিল।

image 121
মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা! চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে সাজি দিলে দলীয় কৰ্মীৰ ঘৰ... 3

ব্যক্তিগত সা-সুবিধাৰ প্ৰতি উদাসীন শইকীয়াৰ এটা আপোন ঘৰ সজাৰ সপোন আছিল ৷ ঘৰ সজাৰ স্বাভাৱিক সপোন কিছুমানৰ পুৰণ হয়, কিছুমানৰ নহয় ৷ বিজেপিৰ নিষ্ঠাৱান কৰ্মীগৰাকীৰো দীৰ্ঘদিনীয়া সপোনটো পুৰণ হোৱা নাছিল৷

তেনেতে এদিন  শইকীয়াৰ ঘৰত উপস্থিত হৈছিল ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। শইকীয়াৰ জৰাজীৰ্ণ ঘৰ দেখি তেতিয়াৰ বিধায়িকা তথা বৰ্তমানৰ বিত্তমন্ত্ৰী নেওগে শইকীয়াক প্ৰতিশ্ৰুতি দিছিল চৰকাৰী আঁচনিৰে নহয় নিজৰ দৰমহাৰে গৃহ নিৰ্মাণ কৰি দিব।

৯৯১ চনত বিজেপি দলত যোগদান কৰাৰ পিছৰে পৰাই নিজৰ কথা নাভাবি তিলেশ্বৰ শইকীয়াই কেৱল দলৰ স্বাৰ্থত ৩১ বছৰে কৰি গৈছিল সেৱা ৷

image 122
মন্ত্ৰী অজন্তা নেওগৰ মহানুভৱতা! চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে সাজি দিলে দলীয় কৰ্মীৰ ঘৰ... 4

শইকীয়াৰ কৰ্ম আৰু নিষ্ঠাৰ প্ৰতিদান স্বৰূপে গোলাঘাট সমষ্টিৰ বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে নিজা দৰমহাৰ টকাৰে নিৰ্মাণ কৰি দিলে এটা আৱাসগৃহ।

অৱশেষত তিলেশ্বৰ শইকীয়াৰ অসম আৰ্হিৰ গৃহ সম্পূৰ্ণ হোৱাৰ পিছত ১৫ আগষ্টৰ দিনাই দুপৰীয়া ফিটা কাটি তিলেশ্বৰ শইকীয়াৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভণি কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।

তিলেশ্বৰ শইকীয়াক বাসগৃহটো উপহাৰ দিয়াৰ বাবে সকলোৱে সমষ্টিটোৰ বিধায়িকা অজন্তা নেওগৰ মহানুভৱতাৰ শলাগ লৈছে।