আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ বিমান দুৰ্ঘটনা! মাজ আকাশত মুখামুখি সংঘৰ্ষ দুখন ক্ষুদ্ৰ বিমানৰ, নিহত দুজন…

এক ভয়ংকৰ বিমান দুৰ্ঘটনা।

মাজ আকাশত মুখামুখি সংঘৰ্ষ দুখন ক্ষুদ্ৰ বিমানৰ।

অৱতৰণৰ সময়তে সংঘটিত এই দুৰ্ঘটনাত ২ জন লোক নিহত হোৱাৰ উপৰিও আহত হৈছে কেইবাজনো।

image 140

আমেৰিকাৰ কেলিফ’ৰ্ণিয়াত সংঘটিত হৈছে এক ভয়ানক বিমান দুৰ্ঘটনা।

জানিব পৰা মতে, উত্তৰ কেলিফ’ৰ্ণিয়াৰ ৱাটছনভিল বিমানবন্দৰত বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত এই বিমান দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ সময়ত এখন বিমানত দুজন আৰু এখন বিমানত কেৱল এজন পাইলট আছিল।

image 141

ছ’চিয়েল মিডিয়াত ব‍্যাপক ৰূপে ভাইৰেল হোৱা দুৰ্ঘটনাৰ ফটো আৰু ভিডিঅ’বোৰত বিমানবন্দৰৰ কাষৰ ঘাঁহনি পথাৰত এখন সৰু বিমানৰ ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে।

আন এখন ছবিত বিমানবন্দৰৰ ওচৰৰ এটা ৰাস্তাৰ পৰা ধোঁৱা ওলাই থকা দেখা গৈছিল।

দুৰ্ঘটনাটোত কমেও দুজন লোকৰ মৃত্যু নিশ্চিত হৈছে যদিও প্ৰকৃত অনুসন্ধানৰ পিছতহে এই মৃত্যুৰ সংখ্যাৰ বিষয়ে নিশ্চিত তথ্য লাভ কৰিব পৰা যাব।