গৰু সৰবৰাহৰ আচৰিত কৌশল! এইবাৰ যাত্ৰীবাহী ট্ৰেভেলাৰৰ পৰা জব্দ ২০ টাকৈ চোৰাং গৰু…

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

তাৰ মাজতে কিন্তু বিভিন্ন কৌশলেৰে আৰক্ষীৰ চকুত ধুলি দি গো মাআফিয়াই অব্যাহত ৰাখিছে গৰুৰ সৰবৰাহ।

এইবাৰ যাত্ৰীবাহী ট্ৰেভেলাৰৰ পৰা জব্দ হৈছে কেইবাটাও চোৰাং গৰু।

সোণাপুৰৰ ক্ষেত্রীত আৰক্ষীৰ অভিযানত জব্দ হৈছে ২০টাকৈ চোৰাং গৰু।

image 139
গৰু সৰবৰাহৰ আচৰিত কৌশল! এইবাৰ যাত্ৰীবাহী ট্ৰেভেলাৰৰ পৰা জব্দ ২০ টাকৈ চোৰাং গৰু… 2

লগতে আৰক্ষীৰ জালত পৰিছে দুজন সৰবৰাহকাৰী।

নগাঁৱৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ ট্ৰেভেলাৰেৰে সৰবৰাহ কৰিছিল গৰুকেইটা।

আটকাধীন দুই সৰবৰাহকাৰী জয়নাল আবেদিন আৰু ইজাজুল হক বুলি জানিব পৰা গৈছে।

জব্দ কৰা ট্ৰেভেলাৰখনৰ নম্বৰ এএছ ১২এ চি৩৬০৯।

সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা আন এখন এএছ ০২এ এইচ০৫১২ নম্বৰৰ ছুইফট বাহনো জব্দ কৰিছে ক্ষেত্ৰী আৰক্ষীয়ে।