নিউজ ডেস্কঃ কামৰূপ জিলাৰ বকো ৰাজাপাৰত সংঘটিত এক ভয়ানক বাছ দুৰ্ঘটনাত আহত হয় ১৭ জন যাত্ৰী। জানিব পৰা মতে, দুৰ্ঘটনাত আল্ট্ৰা বাছখনৰ চালকজনো গুৰুতৰভাৱে আহত হয়।
বাতৰি অনুসৰি, ৰাজাপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ফকিৰগঞ্জ অভিমুখে গৈ থকা মা আমিনা নামৰ AS-01 LC-9041ৰ যাত্ৰীভৰ্তি আল্ট্ৰা বাছখনে প্ৰথমে এখন বাইকত খুন্দা মাৰে। তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ এডাল প্ৰকাণ্ড গছত।

এই দুৰ্ঘটনাত বাছখনৰ ভিতৰত থকা ১৭ জন যাত্ৰী কম-বেছি পৰিমাণে আহত হয়। অন্যহাতে দুৰ্ঘটনাৰ ফলত বহুসময় ধৰি বাছখনৰ ভিতৰতে আৱদ্ধ হৈ থাকে বাছখনৰ চালকজনক।
পিছত স্থানীয় লোকে চালকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত আহত ৩ জনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।









