অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নয়না, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৰিব পুৰস্কৃত…

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা।

এন এছ এছত উজলিল ডিগবৈ মহাবিদ্যালয়। নয়না শ‍ইকীয়ালৈ শ্রেষ্ঠ স্বেচ্ছাসেৱকৰ ৰাষ্ট্ৰীয় বঁটা।

ডিগবৈ মহাবিদ্যালয়ৰ নয়না শ‍ইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২০-২১ চনৰ ‘ৰাষ্ট্ৰীয় সেৱা যোজনা’ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক পুৰস্কাৰ।

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগে যোৱা ১৬ ছেপ্টেম্বৰত এই ঘোষণা কৰে।

ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত নয়না শ‍ইকীয়াক তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিৰ স্বীকৃতি হিচাপে এই ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেৱা যোজনা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত এই পুৰস্কাৰ প্ৰদান কৰিব।

উল্লেখ্য যে নয়নাই ডিগবৈ মহাবিদ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক হিচাপে ২০১৮-২১ বৰ্ষত আগবঢ়োৱা সেৱাৰ বাবে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।