নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ পৰা উফৰি বহু দ’ খাৱৈত পৰিল ৱেগনাৰ বাহন।
তামুলপুৰত বিয়া খাবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দূৰ্ঘটনাত পতিত এটা পৰিয়াল।
তামুলপুৰ জিলা সদৰৰ তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো৷

তামুলপুৰ অভিমুখে আহি থকা A S-01-BB-0708 নম্বৰৰ ৱেগনাৰ বাহনখন পৰিয়ালে সৈতে উফৰি গৈ পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে৷
দুৰ্ঘটনাৰ সময়ত বাহনখনত মুঠ তিনিগৰাকী যাত্ৰী আছিল। কথমপি প্ৰাণৰক্ষা পৰে যাত্ৰী তিনিগৰাকীৰ। কিন্তু গুৰুতৰ ভাৱে আহত হয় কেউগৰাকী। পৰিয়ালটোৰ ঘৰ ওদালগুৰিৰ ৰাখালপথত।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল পুত্ৰ সন্তান সহ দুই পিতৃ-মাতৃ।
দুৰ্ঘটনাটোৰ ফলত আহত হয়- পিতৃ নিখিল ৰঞ্জন ওজা (৫৫), মাতৃ জোনালী ওজা( ৪৫) আৰু পুত্ৰ জ্ঞানদ্বীপ ওজা (১২)।
আহত কেইগৰাকীক প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসাকেন্দ্ৰত ভৰ্তি কৰে।
কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে তিনিও জনক।
লগতে চাওকঃ
শ্ৰীনগৰত অকাল বিয়োগ চিআৰপিএফত কৰ্মৰত অসমীয়া জোৱান দীপক কুমাৰ দাসৰ










