নগাঁৱৰ ৰণথলীত বোমাতংক, এটা নহয়, দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ…

নগাঁৱৰ ৰণথলীত বোমাতংক, এটা নহয়, দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ।

পুৱাই এঘৰ মানুহৰ খেতি পথাৰত উদ্ধাৰ হয় দুটাকৈ আই ই ডি।

জিলাখনৰ ৰনথলীৰ ৰজা ভেটি নামৰ ঠাইত উদ্ধৰ হৈছে আই ই ডি দুটা।

ঘটনা সম্পৰ্কে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হয়।

জানিব পৰা মতে, ঘৰৰ ভেটিত মাটি ভৰাবৰ বাবে পথাৰৰ মাটি খান্দি থাকোতে হঠাতে জেচিবিত লাগি উদ্ধাৰ হয় আই ই ডি দুটা।

প্ৰথমে সেয়া কোনো পলিথিনত বান্ধি থোৱা সাধাৰণ সামগ্ৰী বুলি সন্দেহ কৰিছিল, কিন্তু পাছত কিছু সন্দেহ হোৱাত লগে লগে নগাঁও আৰক্ষীক খবৰ কৰা হয়।

বৰ্তমানে আই ই ডি উদ্ধাৰক লৈ নগাঁৱৰ ৰনথলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

কোনে এই আই ই ডি দুটা পথাৰখনত সংস্থাপিত কৰিলৈ তাকলৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

Leave a Comment