আলফা (স্বাঃ)ত সদস্য ভৰ্তি অভিযান চলি থকাৰ মাজতে আৰক্ষীৰ জালত ৭ জন যুৱক…

আলফা (স্বাঃ)ত সদস্য ভৰ্তি অভিযান চলি থকাৰ মাজতে আৰক্ষীৰ জালত পৰিল ৭ জন যুৱক।

আলফাৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই চৰাইদেউৰ সাপেখাতীত আৰক্ষীয়ে আটক কৰিলে ৭ জন যুৱকক।

আসাম ৰাইফলছ আৰু সাপেখাতী আৰক্ষীয়ে নিশা চলোৱা এক যুটীয়া অভিযানত আটক হৈছে আটাইকেইজন৷

আটকাধীন যুৱক কেইজন হ’ল সাপেখাতী টাইৰাই গাঁৱৰ অশ্বিনী কুমাৰ বৰুৱা (২১) , বাকচু গাওঁৰ দুই ভাতৃ ক্ৰমে আচিচ দাস (১৯) আৰু দেব দাস (১৭) আৰু একে গাওঁৰে যতীন দাস (১৮) , ৩ নং হাওঁফাওঁ গাঁৱৰ নৰ থাপা (৪৮) আৰু একে গাঁৱৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাঁৱৰ পৰা জান বৰগোহাঁই( ৩৫)।

আটকাধীন আটাইকেইজনে আলফালৈ যোৱাৰ যো-যা চলাই আছিল।

Leave a Comment